November 20, 2025 12:11 PM | Criminal Law

printer

নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ দেশৰ ভিতৰতে প্রথম স্থান লাভ

নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে প্রথম স্থান লাভ কৰিছে। শেহতীয়াকৈ প্রকাশিত তথ্য অনুসৰি নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্টীয় গড় ৪৪ দশমিক ৯-৬ৰ বিপৰীতে অসমে ৭২ দশমিক ০-৩ স্কৰ লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰি এই তথ্যই প্রশাসনিক সংস্কাৰ, দক্ষতা আৰু আই চি টি সংহতিৰ ক্ষেত্ৰত অসম আগবঢ়াতো প্ৰমাণ কৰে বুলি উল্লেখ কৰিছে। তদুপৰি ক্ষীপ্ৰ, ন্যায্য আৰু অধিক কার্যক্ষম ন্যায় প্রদান ব্যৱস্থাৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক শেহতীয়া তথ্যই প্রতিফলিত কৰা বুলিও মুখ্যমন্ত্রী ড০ শৰ্মাই প্রকাশ কৰিছে। উল্লেখযোগ্য যে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্রত অসম শীর্ষ স্থানত থকাৰ বিপৰীতে ৬২ দশমিক ৭-৯ স্কৰেৰে হাৰিয়ানা দ্বিতীয় আৰু ৬০ দশমিক ৮-৭স্কৰেৰে ছিকিম তৃতীয় স্থানত আছে।