ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 5, 2024 12:37 PM | Cricket

printer

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত কালি শ্ৰীলংকাৰ হাতত পৰাস্ত

ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি শ্রীলংকাই ভাৰতক ৩২ ৰানত পৰাজিত কৰে। ভাৰতে ২৪১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪২ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰানহে কৰিবলৈ সমর্থ হয়। দলৰ হৈ ৰোহিত শৰ্মাই ৪৪টা বলত ৬৪ ৰান কৰে। শ্ৰীলংকাৰ জেফৰি ভেণ্ডাৰ্ছে ৬টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে শ্রীলংকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৪০ ৰাণ সংগ্রহ কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে তিনিটা আৰু কুলদ্বীপ যাদৱে দুটা উইকেট লাভ কৰে। শৃংখলাৰ প্ৰথমখন খেল ৰোমান্সকভাৱে ড্ৰ’ হোৱাৰ পাছত শ্ৰীলংকাই কালিৰ জয়ৰ সুবাদত ১-০ অগ্রগতি লাভ কৰে।