December 23, 2025 11:38 AM | cricket womens

printer

বিশাখাপট্টনমত আজি ভাৰত-শ্ৰীলংকাৰ মহিলাৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল

মহিলা ক্রিকেটত ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমৰ ডাঃ ৱাই এছ ৰাজশেখৰ ৰেড্ডী এচিএ-ভিডিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। শৃংখলাত আয়োজক ভাৰতীয় দলে ১-০ ব্যৱধানত আগবাঢ়ি আছে। কেপ্টেইন হৰমনপ্রীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে যোৱা দেওবাৰে বিশাখাপট্টনমতেই অনুষ্ঠিত প্ৰথমখন টি- ২০ মেচত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰিছিল।