এজবেষ্টন টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাজিত কৰি এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাত ভাৰতে ১-১ৰ সমতা কৰিছে। খেলখনৰ কালি পঞ্চম দিনা ভাৰতে ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা ৭টা উইকেট দখল কৰি এই ঐতিহাসিক বিজয় সাব্যস্ত কৰে। এয়া হৈছে ৫৮ বছৰৰ পাছত এজবেষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম জয়লাভ। কালি পঞ্চম দিনৰ খেলৰ আৰম্ভণিতে বৰষুণে খেল কিছুসময় বিঘ্নিত কৰে যদিও আকাশ দীপৰ নিখুঁত বলিঙেৰে ভাৰতে খেলখনত আধিপত্য বিস্তাৰ কৰে। ইংলেণ্ডৰ হৈ প্ৰথম ইনিংছত শতৰান সংগ্ৰহ কৰা জেমি স্মিথহে ৮৮ ৰান কৰি ঘৰুৱা দলটোৰ হৈ কিছু প্ৰতিৰোধ গঢ়ি তোলাৰ চেষ্টা কৰে। আকাশ দীপে ৯৯ ৰানৰ বিনিময়ত ইংলেণ্ডৰ দ্বিতীয় ইনিংছত ছটা উইকেট দখল কৰে। ভাৰতৰ হৈ মহম্মদ ছিৰাজ, ৰবীন্দ্ৰ জাডেজা, প্ৰসিদ্ধ কৃষ্ণা আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে। আকাশ দীপে প্রথম ইনিংছত ৪টা আৰু দ্বিতীয় ইনিংছত ৬টা উইকেট দখল কৰি ১৯৮৬ চনৰ চেতন শৰ্মাৰ পাছতেই ইংলেণ্ডত এই কৃতিত্ব অর্জন কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। এজবেষ্টন টেষ্টত প্রথম ইনিংছত দ্বি-শতক আৰু দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা শুভমন গিল ১৪৮ বছৰীয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসত বিশ্বৰ নৱমগৰাকী ক্রিকেট খেলুৱৈ হিচাপে পৰিগণিত হয়। শুভমনে এনে কৃতিত্ব অর্জন কৰা ভাৰতৰ সামগ্ৰিকভাৱে দ্বিতীয় আৰু প্ৰথমগৰাকী অধিনায়ক হিচাপেও পৰিগণিত হৈছে। খেলখনত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰে ৫৮৭ ৰান আৰু দ্বিতীয় ইনিংছত ৬ উইকেটত ৪২৭ ৰান কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। ইংলেণ্ডে প্রথম ইনিংছত সংগ্ৰহ কৰে ৪০৭ ৰান আৰু দ্বিতীয় ইনিংছত সংগ্ৰহ কৰে ২৭১ ৰান৷ শৃংখলাটোৰ তৃতীয় টেষ্ট মেচ ১০ জুলাইত ল’ৰ্ডছত অনুষ্ঠিত হ’ব।
Site Admin | July 7, 2025 1:37 PM | cricket india england 2nd test
এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ দ্ৱিতীয় টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত ভাৰতৰ
