January 24, 2026 12:21 PM | Cricket

printer

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ ৭ উইকেটত জয়লাভ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৭উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ৰ অগ্রগতি লাভ কৰিছে। ২০৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাবতে ১৫ অভাৰ আৰু দুটা বলতে ৩টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। অধিনায়ক সূর্য কুমাৰ যাদরে ৩৭টা বলত ৮২ ৰান কৰি আউট নোহোৱাকৈ থাকে। ঈষাণ কিষাণেও ৩২টা বলত ৭৬ বান আৰু শিৱম ডুবেই ১৮টা বলত ৩৬ ৰানৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ মেট হেনৰি, জেকফ ডাফি আৰু ইশ্ব ছ’ষীয়ে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূর্বে আলহী দলটোৱে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিয়মত ২০৮ ৰান সংগ্ৰহ কৰে। অধিনায়ক মিচ্ছেল ছেণ্টনাৰে সৰ্বাধিক ৪৭ আৰু ৰাচিন ৰবীন্দ্ৰই ৪৪ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদবে দুটা আৰু হার্ডিক পাণ্ডিয়া, হর্ষিত ৰাণা, শিৱম ডুবে আৰু বৰণ চক্রবর্তীয়ে এটাকৈ উইকেট লাভ কৰে। ঈষাণ কিষাণক প্লেয়াৰ অব দা মেচ ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয়খন খেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব।