ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি নাগপুৰৰ বিদৰ্ভ ক্রিকেট এছ‘চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ‘ব। সন্ধিয়া ৭ বজাত খেলখন আৰম্ভ হ‘ব।
অহা মাহত অনুষ্ঠিত হ‘বলগীয়া আইচিচি পুৰুষ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ অংশ হিচাপে সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন মেন ইন ব্লুৰ বাবে এই শৃংখলা অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।
ইপিনে, আলহী দলটোৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টি-২০ৰ প্ৰাকক্ষণত অধিনায়ক সূর্যকুমাৰে নিশ্চিত কৰিছে যে বিশ্বকাপৰ বাবে ঘোষণা কৰা দলত স্থান লাভ কৰা ঈশান কিষানেই ৩ নং ক্রমত বেটিং কৰিব।