January 19, 2026 12:11 PM | Cricket

printer

ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ড পুৰুষ ক্রিকেট দলৰ ২-১ৰ ব্যৱধানত এদিনীয়া শৃংখলা হস্তগত

ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ড পুৰুষ ক্রিকেট দলে ২-১ৰ ব্যৱধানত এদিনীয়া শৃংখলা হস্তগত কৰিছে। যোৱা নিশা ইন্দোৰত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন এদিনীয়াত আলহী দলটো ৪১ ৰাণত জয়ী হয়।

কিৱি বাহিনীয়ে বান্ধি দিয়া ৩৩৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ৪৬ অভাৰত মাত্র ২৯৬ ৰাণহে কৰিবলৈ সমর্থ হয়। বিৰাট কোহলীয়ে শতকীয় ইনিংছেৰে শেষলৈ যুঁজ দিয়ে যদিও জয়ৰ বাবে সেয়া পর্যাপ্ত নাছিল। কোহলীয়ে ১২৪ ৰাণ কৰে।

ইয়াৰ পূৰ্বে, প্রথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰা নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰত ৮ টা উইকেট হেৰুৱাই ৩৩৮ ৰাণ সংগ্ৰহ কৰে। দুর্দান্ত প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ডেৰিল মিচ্চেলে সর্বাধিক ১৩৭ আৰু গ্লেন ফিলিপছে ১০৪ ৰাণ কৰে। প্ৰত্যুত্তৰত প্ৰথম ১৩ অভাৰতে ৪টা উইকেট হেৰুৱাই বিপদত পৰা ভাৰতক কোহলীয়ে কেইবাগৰাকীও খেলুৱৈৰ সৈতে যুটী বান্ধি উদ্ধাৰৰ চেষ্টা চলায় যদিও মূৰকত ভাৰতে ২৯৬ ৰাণতে ইনিংছ সামৰিবলগীয়া হয়।