January 16, 2026 12:45 PM | Cricket

printer

মহিলা প্রিমিয়াৰ লীগ ক্ৰিকেটৰ এখন খেলত ইউপি ৱাৰিয়ৰ্জৰ মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত

মহিলা প্রিমিয়াৰ লীগ ক্ৰিকেটৰ এখন খেলত যোৱা নিশা ইউপি ৱাৰিয়ৰ্জে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাজিত কৰিছে। প্রতিযোগিতাত এয়া ইউপি ৱাৰিয়ৰ্জৰ প্ৰথমটো জয়।

নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’র্টছ একাডেমীত অনুষ্ঠিত খেলখনত প্রথমে বেটিং কৰিবলৈ আমন্ত্রণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত ১৬১ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত ইউপি ৱাৰিয়ৰ্জে মাত্র ৩টা উইকেট হেৰুৱাই আৰু ১১টা বল বাকী থকা অৱস্থাত সহজেই বিজয়ক্ষ্য অনুসৰণ কৰে। মাত্র ৩৯টা বলত ৬৪ ৰান কৰি অপৰাজিত হৈ ৰোৱা ৱাৰিয়ৰ্জৰ হার্লিন দেঅ’ললৈ শ্রেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। প্রতিযোগিতাত আজি নৱী মুম্বাইত গুজৰাট জায়েন্টছে পইন্ট তালিকাৰ শীৰ্ষত থকা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ’ব।