গুজৰাটৰ বডোডৰাত অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত যোৱানিশা ভাৰতে নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। ভাৰতে ৩০১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৯ অভাৰত ৬টা উইকেট হেৰুৱাই ৩০৬ ৰান কৰে। খেলৰ আৰম্ভণিতে অধিনায়ক ৰোহিত শর্মা মাত্র ২৬ ৰান কৰি আউট হোৱাৰ পাছত বিৰাট কোহলি আৰু সুভমন গিলে সুন্দৰ বেটিঙেৰে ভাৰতক জয়ৰ দিশে লৈ যায়। বিৰাট কোহলিয়ে ৯৩, সুভমন গিলে ৫৬ আৰু শ্ৰেয়াৰ্ছ আয়াৰে ৪৯ ৰান কৰে। নিউজিলেণ্ডৰ কাইল জেমিছনে ৪টা উইকেট দখল কৰে। খেলখনত বিৰাট কোহলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৮ হাজাৰ ৰান কৰা দ্রুততম খেলুৱৈ হিচাপে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে। কোহলি লগতে শ্রীলংকাৰ কুমাৰ ছাংগাকাৰাক পিছ পেলাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আটাইকেইটা ফৰমেটত দ্বিতীয় সর্বাধিক ৰান কৰা খেলুৱৈ হিচাপেও পৰিগণিত হয়।
ইয়াৰ পূর্বে, নিউজিলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি ভাৰতক জয়ৰ বাবে ৩০১ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিয়ে। দলটোৱে নিৰ্ধাৰিত অ‘ভাৰত ৮টা উইকেট হেৰুৱাই ৩০০ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ডেৰিল মিছেলে ৮৪, হেনৰী নিকলছে ৬২ আৰু ডেভন কনৱেই ৫৬ ৰান কৰে। ভাৰতৰ হৈ মহম্মদ ছিৰাজ, হৰ্ষিত ৰাণা আৰু প্রসিদ্ধ কৃষ্ণই দুটাকৈ উইকেট দখল কৰে। তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন খেল অহা বুধবাৰে ৰাজকোটৰ নিৰঞ্জন শ্বাহ স্টেডিয়ামত আৰু তৃতীয় তথা অন্তিমখন খেল ১৮ জানুৱাৰীত ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ‘ব।