মহিলাৰ প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত আজি নবী মুম্বাইৰ ড° ডি বাই পাটিল স্পার্টছ একাডেমীত অনুষ্ঠিত হোৱা এখন খেলত গুজৰাট জায়েন্টছে, ইউ পি বাৰিয়ৰ্ছক ১০ ৰাণত পৰাজিত কৰে। খেলখনত গুজৰাট জায়েন্টছে প্রথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৪টা উইকেট হেৰুৱাই ২০৭ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইউ পি বাৰিয়ছে নির্ধাৰিত অভাৰত সাতটা উইকেট হেৰুৱাই ১৯৭ ৰাণ সংগ্রহ কৰে। গুজৰাট জায়েন্টছৰ জর্জিয়া বেৰহামক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়।
মুম্বাইত হ’বলগীয়া প্রতিযোগিতাৰ আজিৰ আনখন খেল মুম্বাই ইন্ডিয়ানছ, ডেলহি কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব। খেলখনত সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।