ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি লক্ষ্ণৌৰ ভাৰতৰত্ন শ্রীঅটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ‘ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ‘ব। ভাৰত সম্প্ৰতি ২১ ফলাফলেৰে শৃংখলাত আগবাঢ়ি আছে। আজিৰ খেলখনত বিজয় সাব্যস্ত কৰিব পাৰিলেই ভাৰতে শৃংখলা হস্তগত কৰাটো নিশ্চিত হ‘ব। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল অহা শুকুৰবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ‘ব।
ইপিনে, অসুস্থতাৰ পৰিপ্ৰেক্ষিতত অলৰাউণ্ডাৰ অক্ষৰ পেটেলক শৃংখলাৰ পৰৱৰ্তী দুখন খেলৰ বাবে দলৰ পৰা বাদ দিয়া হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ পৰিষদৰ পুৰুষৰ নিৰ্বাচক কমিটীয়ে খেলুৱৈগৰাকীৰ ঠাইত শ্বাহবাজ আহমেদক দলত অন্তর্ভুক্ত কৰাৰ বিষয়ে ঘোষণা কৰিছে।