December 11, 2025 11:55 AM | Cricket

printer

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্রীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি নিউ চণ্ডীগড়ৰ মুল্লানপুৰত থকা মহাৰাজা যাদবিন্দ্ৰ সিং আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব।

এয়া হ’ব মুল্লানপুৰত পুৰুষৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেল। সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা মঙলবাৰে কটকত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আলহী দলটোক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি ইতিমধ্যে ১০ ফলাফলেৰে অগ্রগতি লাভ কৰিছে। খেলখনত আগবঢ়োৱা উজ্জীবিত প্ৰদৰ্শনৰ হার্ডিক পাণ্ডিয়াক প্লেয়াৰ অৱ দা মেচ সম্মান আগবঢ়োৱা হয়। ভাৰতীয় দলটোৱে আজিৰ খেলখনতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে আপ্রাণ প্রয়াস চলাব।

শৃংখলাৰ তৃতীয়খন খেল ধৰমশালাত, চতুৰ্থখন খেল লক্ষ্ণৌত আৰু পঞ্চম তথা অন্তিমখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী স্টেডিয়ামত খেলোৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।