December 4, 2025 12:00 PM | Cricket

printer

এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাৰ হাতত ভাৰত ৪ উইকেটত পৰাজিত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া ক্রিকেট শৃংখলাৰ কালি ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৪ উইকেটত পৰাজিত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩৫৮ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ঋতুৰাজ গাইকোৱাডে সর্বাধিক ১০৫ আৰু বিৰাটী কোহলীয়ে ১০২ ৰাণ কৰে। অধিনায়ক কে এল ৰাহুল ৬৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। দক্ষিণ আফ্রিকাৰ মার্কো জেনছেনে দুটা উইকেট লাভ কৰাৰ লগতে নান্দ্রে বাৰ্গাৰ আৰু লুংগী এনগিডিয়ে এটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্রিকাই ৪টা বল বাকী থকা অৱস্থাত ৬টা উইকেটৰ বিনিময়ত ৩৬২ ৰান সংগ্ৰহ কৰি জয় নিশ্চিত কৰে। দলৰ হৈ এইডেন মার্কৰামে ৯৮টা বলত সর্বাধিক ১১০ ৰান কৰে। ভাৰতৰ অশ্বদীপ সিং আৰু প্রসিদ্ধ কৃষ্ণই দুটাকৈ আৰু হর্ষিত ৰাণাই এটা উইকেট লাভ কৰে। দক্ষিণ আফ্রিকাৰ এইডেন মাৰ্কৰামক প্লেয়াৰ অব দ্যা মেছ ঘোষণা কৰা হয়। কালিৰ এই জয়েৰে দক্ষিণ আফ্রিকাই তিনিখনীয়া এদিনীয়া শৃংখলাত ১-১ ত সমতা স্থাপন কৰিছে। শৃংখলাৰ তৃতীয়খন খেল পৰহিলৈ অনুষ্ঠিত হ’ব।