November 22, 2025 8:34 PM | Cricket

printer

গুৱাহাটীত অনুষ্ঠিত ক্রিকেট টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত দক্ষিণ আফ্রিকাৰ ২৪৭ ৰান সংগ্ৰহ

দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ক্রিকেট টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্রথম ইনিংছত ছটা উইকেটৰ বিনিময়ত ২৪৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূর্বে দক্ষিণ আফ্রিকাই টছট জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দক্ষিণ আফ্রিকাৰ হৈ টিষ্টান ষ্টাবছে সৰ্বাধিক ৪৯ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদবে তিনিটা উইকেট দখল কৰে। যশপ্ৰীত বুমৰা, মহম্মদ ছিৰাজ আৰু ৰবীন্দ্র জাদেজাই এটাকৈ উইকেট লাভ কৰে। ডিঙিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গীলৰ স্থানত ঋষভ পন্টে দলক নেতৃত্ব দিছে। দক্ষিণ আফ্রিকা সম্প্রতি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।