ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি কুইন্সলেণ্ডত অনুষ্ঠিত চতুর্থখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৬৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৯ ৰানহে কৰিবলৈ সমর্থ হয়। দলটোৰ হৈ মিছেল মার্শ্বে সর্বাধিক ৩০ ৰান কৰে। ভাৰতৰ বাম্বিংটন সুন্দৰে তিনিটা উইকেট দখল কৰাৰ লগতে অক্ষৰ পেটেল আৰু শিভম ডুবেই দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৬৭ ৰান সংগ্ৰহ কৰে। শুভমন গিলে সর্বাধিক ৪৬ আৰু অভিষেক শৰ্মাই ২৮ ৰান কৰে। অস্ট্রেলিয়াৰ নাথান এলিছ আৰু এডম জাম্পাই তিনিটাকৈ উইকেট লাভ কৰে।
এই জয়ৰ সুবাদত পাঁচখনীয়া শৃংখলাটোত ভাৰতে ২-১ৰ অগ্রগতি লাভ কৰিছে।