এডিলেইডত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ২ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ২৬৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মেথিঅ শ্বৰ্টৰ ৭৪ আৰু কুপাৰ কলনিৰ ৬১ ৰানৰ সহায়ত ৩ অভাৰতকৈ বেছি বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ অৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু ৱাছিংটন সুন্দৰে দুটাকৈ উইকেট দখল কৰে ।
ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অ’ভাৰত ৯ টা উইকেট হেৰুৱাই ২৬৪ ৰান কৰে। ভাৰতৰ হৈ ৰোহিত শৰ্মাই ৭৩ ৰান আৰু শ্ৰেয়াস আয়াৰে ৬১ ৰান কৰে। অষ্ট্ৰেলিয়াৰ এডম জাম্পাই চাৰিটা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই প্ৰতিযোগিতাৰ দুয়োখন খেলত জয়লাভ কৰি শৃংখলাত ২০ ৰ অগ্ৰগতি লাভ কৰিছে।