নাগালেণ্ডত অহা নৱেম্বৰত হ‘বলগীয়া ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফীৰ পূব মণ্ডলৰ দলত অসমৰ তিনিগৰাকী খেলুৱৈয়ে স্থান নিশ্চিত কৰিছে। অলৰাউণ্ডাৰ ৰক্ষ্মী দে‘ আৰু জিন্টিমণি কলিতাই মূল দলত স্থান লাভকৰাৰ বিপৰীতে উইকেটকিপাৰ-বেটাৰ খুছী শৰ্মাক অতিৰিক্তভাবে দলত স্থান দিয়া হৈছে। অসম ক্রিকেট সন্থাই নির্বাচিত খেলুৱৈকেইগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে।
Site Admin | October 23, 2025 12:00 PM | Cricket
ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফীৰ পূব মণ্ডলৰ দলত অসমৰ তিনিগৰাকী খেলুৱৈয়ে স্থান নিশ্চিত