October 4, 2025 12:43 PM | Criket

printer

আহমেদাবাদ টেষ্টত শক্তিশালী স্থিতিত ভাৰত

আহমেবাদত চলিত প্রথমখন টেষ্ট মেছত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে আজি প্রথম ইনিংছত পাঁচটা উইকেটৰ বিনিময়ত কালিলৈকে সংগ্ৰহ কৰা ৪৪৮ ৰাণৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ কৰিব।

বর্তমান ক্রিজত বাশ্বিংটন সুন্দৰ ৯ ৰান আৰু ৰবীন্দ্ৰ জাদেজাই ১০৪ ৰান কৰি অপৰাজিত হৈ আছে। ভাৰতৰ হৈ কে এল ৰাহুলে ১০০ আৰু ধ্ৰুৱ জুৰেলে ১২৫ ৰান কৰি আউট হয়। উল্লেখযোগ্য যে, কে এল ৰাহুলৰ এয়া হৈছে তেওঁৰ কেৰিয়াৰৰ একাদশ শতক। ইয়াৰ পূৰ্বে বেষ্ট ইণ্ডিজে বৃহস্পতিবাৰে প্ৰথম ইনিংছত ১৬২ ৰান কৰি অল আউট হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।