ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি দ্বিতীয় দিনা দুটা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা ১২১ ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব| কালি খেলৰ সামৰণিৰ পৰত কে. এল. ৰাহুলে ৫৩ আৰু শুভমন গিলে ১৮ ৰাণ কৰি খেলি আছিল। যশস্বী জয়ছোৱালে ৩৫ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰত ৮টা উইকেট থকা অৱস্থাত ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ৪১ ৰানত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ১৬২ ৰানত প্রথম ইনিংছ সামৰে। ভাৰতৰ হৈ মহমদ ছিৰাজে ৪টা আৰু যশপ্রীট বুমৰাহে ৩টা উইকেট দখল
কৰে।
Site Admin | October 3, 2025 12:59 PM | Cricket
আহমেদাবাদ টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতৰ ১২১ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ