অসম পুৰুষ ক্রিকেট দল আৰু নেপালৰ পুৰুষ এ-দলৰ মাজত কাইলৈৰ পৰা ৫ খন বন্ধুত্বমূলক টি-২০ খেল অনুষ্ঠিত হ’ব। ১ ছেপ্তেম্বৰলৈকে হ’বলগীয়া খেলকেইখন গুৱাহাটী বর্ষাপাৰাৰ এ চি এ ষ্টেডিয়াম আৰু ফুলুংস্থিত এ চি এ ক্রিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হ’ব। এই শৃংখলাটোৱে ভাৰত আৰু নেপালৰ মাজত থকা ক্রীড়া সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। সুমিত ঘড়িগাৱকাৰক অসমৰ দলৰ ৰ নেতৃত্ব প্ৰদান কৰা হৈছে। নেপালৰ দলটো ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে আৰু আজি দলটোৱে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুশীলন কৰে।
Site Admin | August 27, 2025 8:16 PM | Cricket
অসম পুৰুষ ক্রিকেট দল আৰু নেপালৰ পুৰুষ এ-দলৰ মাজত কাইলৈৰ পৰা ৫ খন বন্ধুত্বমূলক টি-২০ খেল অনুষ্ঠিত
