ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 15, 2025 12:17 PM | Cricket

printer

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ শৃংখলাত ইংলেণ্ডৰ ২-১ ৰ অগ্রগতি লাভ

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টত ইংলেণ্ডে ভাৰতক ২২ ৰানত পৰাস্ত কৰি শৃংখলাত ২-১ৰ অগ্রগতি লাভ কৰিছে। লর্ডছত কালি অনুষ্ঠিত তৃতীয় টেষ্টৰ অন্তিম দিনা ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ নমা ভাৰতে ১৭০ ৰানতেই আটাইকেইটা উইকেট হেৰুৱায়। ৰবীন্দ্ৰ জাদেজা ৬১ ৰানত অপৰাজিত হৈ ৰয়। ইংলেণ্ডৰ বেন ষ্ট’কছ আৰু জ’ফ্ৰা আৰ্চাৰে তিনিটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে দুয়োটা দলেই প্রথম ইনিংছত ৩৮৭ ৰানকৈ সংগ্ৰহ কৰিছিল। বেন ষ্ট’কছক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।