লৰ্ডছ ক্রিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ভাৰতে জয়লাভৰ দ্বিতীয় ইনিংছৰ ছটা উইকেট বাকী থকা অৱস্থাত ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰে যদিও কালি অপৰাজিত হৈ থকা কে এল ৰাহুলে মাত্ৰ ৬ ৰান যোগ দিয়াৰ পাছতে ৩৯ ৰানত ষ্ট’কছৰ বলত এল বি ডব্লিউ আউট হয়। ঋষভ পণ্টো ৯ ৰানত জ’ফ্ৰা আৰ্চাৰৰ বলত আউট হয়। ৰবীন্দ্ৰ জাডেজাই নীতিশ কুমাৰ ৰেড্ডীৰ সৈতে লগলাগি অষ্টম উইকেটৰ যুটী ৩০ ৰান যোগ দিয়ে যদিও নীতিশ কুমাৰ ৰেড্ডী ভোজন বিৰতিৰ ঠিক পূৰ্বে ১৩ ৰানত আউট হয়। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে ৮টা উইকেট বিনিময়ত ১৩৩ ৰান সংগ্ৰহ কৰিছে।
এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ বাবে অনুষ্ঠিত পাঁচখনীয় টেষ্ট শৃংখলাত ইংলেণ্ড ২-১ ৰ অগ্ৰগতি লাভ কৰাটো প্রায় নিশ্চিত হৈছে। উল্লেখযোগ্য যে খেলখনৰ প্ৰথম ইনিংছত দুয়োটা দলেই ৩৮৭ ৰানকৈ সংগ্ৰহ কৰিছে। ইংলেণ্ডে দ্বিতীয় ইনিংছত সংগ্ৰহ কৰা ১৯২ ৰানক সফলতাৰে জয়ৰ দিশত লৈ যাব পৰাটো দলটোৰ বাবে বিশেষ কৃতিত্বৰ কথা বুলি বিবেচিত হ’ব।