ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 21, 2025 8:27 PM | Cricket

printer

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছত ভাৰতৰ ৪৭১ ৰান সংগ্ৰহ

ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে লিডছৰ হেডিংলিত অনুষ্ঠিত এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম ইনিংছত ৪৭১ ৰান সংগ্ৰহ কৰিছে।

ইয়াৰ পূৰ্বে ভাৰতে তিনিটা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা ৩৫৯ ৰান পৰা আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰি ৪৭১ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। প্রথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰা ভাৰতে অপেনাৰ য়শস্বী জয়ছোৱাল, অধিনায়ক শুভমন গীল আৰু উপ-অধিনায়ক ঋষভ পণ্টৰ আকৰ্ষনীয় শতকৰ সহায়ত খেলখনত আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হয়, যদিও ঘৰুৱা দল ইংলেণ্ডে কম সময়তে উইকেট দখল কৰি আলহী দলটোক অনুসৰণ কৰিব পৰা স্কোৰত সীমিত ৰাখে। ঋষভ পণ্টে আজিৰ শতকেৰে এম এছ ধোনীক চেৰ পেলাই টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় উইকেটকীপাৰ ৰূপে পৰিগণিত হয়। ঋষভ পন্টে বৰ্তমানলৈকে ৭টা শতক অৰ্জন কৰিছে। ইংলেণ্ডৰ হৈ বেন ষ্টকছ আৰু জোছ টাঙে ৪ টাকৈ উইকেট দখল কৰে ।