কাইলৈ ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মাজত তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মহিলা ক্রিকেট দলৰ মাজৰ তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ বদোদাৰ কটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত হব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত আৰম্ভ হব। ইয়াৰ পূৰ্বে নবী মুম্বাইত অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-১ ব্যৱধানত জয়লাভ কৰাৰ পাছত ভাৰতে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে এইবাৰ ক্ৰীজত নামিব। হৰমনপ্রীত কৰৰ অনুপস্থিতিত ভাৰতীয় দলটোক স্মৃতি মান্ধানাই নেতৃত্ব দিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।