ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 7, 2024 12:53 PM | Cricket

printer

কলম্বোত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ’ব। শ্রীলংকাই দ্বিতীয়খন এদিনীয়াত ৩২ ৰাণত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেল ড্র হৈছিল। শ্রীলংকাই ২৭ বছৰ পাছত ভাৰতৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলাত অগ্ৰগতি লাভ কৰিছে আৰু শৃংখলা দখলৰ দিশে আগবাঢ়িছে। ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত হৈ থকাৰ ধাৰা অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে ১৯৯৭ চনৰ পাছৰে পৰা কোনো শৃংখলাত পৰাজিত হোৱা নাই ।