কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাই অসম মহাবিদ্যালয় প্ৰাদেশীকৃত কৰ্মচাৰী নিয়মাৱলী ২০২৪ৰ খচৰা বাতিল কৰিবলৈ শিক্ষা বিভাগক দাবী জনাইছে। কটন বিশ্ববিদ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত সংস্থাৰ নেতৃবৃন্দই কয়, যে বৰ্তমানৰ খচৰাখনে গৱেষকসকলৰ পৰিশ্ৰমক অমান্য কৰিছে। গৱেষকসকলক পুনৰ বিষয় বৰ্হিঃভূত পৰীক্ষাত বহিবলৈ দিয়াটো অন্যায় বুলি সংস্থাটোৱে মন্তব্য কৰে। খচৰাখনে ৰাষ্ট্ৰীয় শিক্ষা নীতিক উপেক্ষা কৰে বুলিও সংস্থাটোৱে অসন্তুষ্টি প্রকাশ কৰে। উল্লেখযোগ্য যে উচ্চ শিক্ষা বিভাগে অলপতে প্ৰকাশ কৰা এই নিয়মাৱলী অনুযায়ী মহাবিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়-বিষয়ক জ্ঞানৰ পৰিৱৰ্তে সাধাৰণ জ্ঞানৰ পৰীক্ষাৰ ভিত্তিত মহাবিদ্যালয়ত নিযুক্তি দিয়াৰ নতুন নিয়ম প্ৰস্তাৱ কৰিছিল।
Site Admin | November 26, 2024 12:17 PM | cotton-employee-draft
অসম মহাবিদ্যালয় প্ৰাদেশীকৃত কৰ্মচাৰী নিয়মাৱলী ২০২৪ৰ খচৰা বাতিলৰ দাবী কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাৰ
