কটন কলেজৰ ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচার্য শান্তিশ্রী ধুলিপুড়ী পণ্ডিত সাংসদ বিজুলী কলিতা মেধি, অসম চৰকাৰৰ মহাধিবক্তা তথা বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিক্ষামন্ত্রী ডা° পেগুৱে কয়, যে কটন মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰত যি দীঘলীয়া গৌৰৱময় ঐতিহ্য গঢ়ি তুলিছে সেয়া অসমৰে নহয়। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জ্ঞান সাধনৰ দিশত আলোকস্তম্ভ স্বৰূপ। এই গৰিমামণ্ডিত ঐতিহ্য প্ৰতিটো প্ৰজন্মৰ অবিৰত প্ৰচেষ্টা আৰু নিষ্ঠাৰ জৰিয়তে আগলৈও অক্ষুণ্ণ থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি প্ৰাক্তন কটনিয়ানৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হয়। কটন এলমনাই ভৱনত আয়োজিত এই অনুষ্ঠানত শতায়ু গৰকা প্ৰাক্তন কটনিয়ান ডাঃ চিৰাজুল হক, সত্যকৃষ্ণ মিশ্ৰ আৰু ৯০ বছৰৰ ঊৰ্ধৰ প্ৰফুল্ল গোবিন্দ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° দয়ানন্দ পাঠকে প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত বক্তৃতা আগবঢ়ায়। অনুষ্ঠানত প্রাক্তন কটনিয়ান শিল্পীসকলে সংগীত পৰিৱেশন কৰে। এই অনুষ্ঠানত সকলো প্ৰাক্তন কটনিয়ানৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।