নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ অনুমোদন সাপেক্ষে সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত অসম প্রদেশ কংগ্ৰেছ কমিটী, ৰাজ্যৰ বিভিন্ন জিলা কংগ্ৰেছ কমিটীৰ সভাপতিৰ লগতে ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ নাম ঘোষণা কৰা হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল স্বাক্ষৰিত পত্ৰ অনুসৰি জীতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত ১৯ জনীয়া ৰাজনৈতিক পৰিক্ৰমা কমিটী সদস্যসকলৰ নামৰ তালিকা কালি প্ৰকাশ পাইছে। ১৯ জনীয়া কমিটীখনৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সকলো সদস্য স্থায়ী সদস্য হিচাপে থাকিব। আনহাতে প্ৰদেশ কংগ্ৰেছৰ এই কমিটীৰ তালিকাত ১৪ গৰাকী উপ-সভাপতি, ৩৩ গৰাকী সাধাৰণ সম্পাদক, ৩৫ গৰাকী সম্পাদক আৰু ২০ গৰাকী যুটীয়া সম্পাদকৰ নাম প্ৰকাশ কৰা হৈছে। একেখন পত্ৰতে ৰাজ্যৰ ৩৫ খন জিলাৰ কংগ্ৰেছ কমিটীৰ সভাপতিৰ নামো তালিকা প্ৰকাশ হৈছে। শীঘ্ৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটিৰ সৈতে কংগ্ৰেছ অধ্যক্ষ মল্লিকার্জুন খাৰ্গে আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বৈঠকত মিলিত হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে উল্লেখ কৰে।
Site Admin | July 7, 2025 1:43 PM | congress name list district president
অসম প্রদেশ কংগ্ৰেছ কমিটী, জিলা কংগ্ৰেছ কমিটীৰ সভাপতি, ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ নাম ঘোষণা