বিজেপিয়ে জনজাতীয় লোকসকলৰ পৰা মাটি, পানী আৰু জংঘল কঢ়াৰ চেষ্টা চলাইছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অভিযোগ

বিজেপিয়ে জনজাতীয় লোকসকলৰ পৰা মাটি, পানী আৰু জংঘল কঢ়াৰ চেষ্টা চলাইছে বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে। ঝাৰখণ্ডৰ ছিমডেগাৰ এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীগান্ধীয়ে ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনত আই-এন-ডি-আই মিত্ৰজোঁট আৰু বিজেপি, আৰ এছ এছৰ আদৰ্শৰাজিৰ মাজত যুদ্ধ বুলি অভিহিত কৰে। শ্ৰীগান্ধীয়ে কয়, যে তেওঁ ক্ষমতালৈ আহিলে জাতিগত পিয়ল অনুষ্ঠিত কৰিব আৰু সংৰক্ষণৰ ক্ষেত্ৰত থকা ৫০ শতাংশৰ সৰ্বোচ্চ সীমা প্ৰত্যাহাৰ কৰিব ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।