ডাউনলোড
মোবাইল এপ

android apple
signal

June 27, 2025 12:42 PM | CM

printer

আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন

গুৱাহাটীত আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হৈছে। খনি মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু কয়লা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ মে’ ফেয়াৰ স্ত্ৰীং ভেলী ৰিজৰ্টত অনুষ্ঠিত হৈছে। এইবাৰৰ এই সন্মিলনৰ মূল উদ্দেশ্যে হ’ল বহনক্ষম আৰু বৈজ্ঞানিক খনন কাৰ্যক উৎসাহ প্রদান, সম্পদ খণ্ডত ব্যৱসায়ৰ অগ্ৰগতি সাধন আৰু সুষম আঞ্চলিক উন্নয়নৰ বাবে কেন্দ্ৰ- ৰাজ্যৰ সমন্বয়ক সুদৃঢ়কৰণৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলক শক্তিশালী কৰি তোলা। সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষান ৰেড্ডীয়ে অধ্যক্ষতা কৰিব। অনুষ্ঠানত কয়লা আৰু খনি ৰাজ্যমন্ত্ৰী সতীশ চন্দ্ৰ ডুবে তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ খনিমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সন্মিলনৰ দুয়োটা দিনতেই খননৰ সৈতে জড়িত বিভিন্ন অধিৱেশন অনুষ্ঠিত হ’ব। সন্মিলনত ভালেকেইখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হ’ব। উল্লেখযোগ্য যে, ২০২৪- ২৫ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ২৮৩টা মিনাৰেল ব্লক নিলামৰ বাবে সাজু কৰিছে। ইয়াৰে ১৬১টা মিনাৰেল ব্লক সফলভাৱে নিলাম কৰা হৈছে আৰু এই সংখ্যা বর্তমান ৫১৫লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত অসমৰ ৫টা মিনাৰেল ব্লক আৰু অৰুণাচল প্ৰদেশৰ ৪টা গুৰুত্বপূৰ্ণ মিনাৰেল ব্লক অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপনৰ নতুন পথ মুকলি হৈছে। উল্লেখযোগ্য যে, খনি মন্ত্ৰ্যালয়ে সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ সম্পদৰ অপাৰ সম্ভাৱনা প্ৰদৰ্শন কৰিব পৰাকৈ বিভিন্ন ধৰণৰ উপস্থাপন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক