ডাউনলোড
মোবাইল এপ

android apple
signal

August 28, 2025 1:09 PM | Commonwealth

printer

কমলৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত অভিনৱ গগৈ আৰু হেমন্ত দৈমাৰীৰ সোণৰ পদক অৰ্জন

গুজৰাটৰ আহমেদাবাদত চলি থকা কমলৱেলথ ভাৰোত্তোলন প্রতিযোগিতাত কালি অসমৰ অভিনৱ গগৈ আৰু হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰি এই প্ৰতিযোগিতাত ৰাজ্যখনৰ খেলুৱৈৰ সোণৰ পদকৰ সংখ্যা ৪ লৈ বৃদ্ধি কৰিলে। লৰাৰ যুৱ শাখাৰ ৭১ কিলোগ্ৰামত অভিনৱ গগৈয়ে তিনিটাকৈ নতুন অভিলেখ গঢ়ি শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰে। তেওঁ স্লেটছত ১২৩ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জার্কত ১৫৫ কিলোগ্ৰাম উত্তোলন কৰে। সামগ্ৰিকভাৱে ২৭৮ কিলোগ্ৰামৰ ভাৰোত্তোলন কৰি খেলুৱৈগৰাকীয়ে তিনিওটা শাখাতে নতুন অভিলেখ ৰচিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে স্লেটছ, ক্লিন এণ্ড জাৰ্ক আৰু সামগ্ৰিক ওজন উত্তোলন এই তিনিওটা শাখাত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অভিলেখ গঢ়া অভিনৱ গগৈয়ে হৈছে প্ৰথমগৰাকী অসমীয়া খেলুৱৈ।

প্ৰতিযোগিতাখনত লৰাৰ জুনিয়ৰৰ ৭১ কিলোগ্রাম শাখাত হেমন্ত দৈমাৰীয়ে সোণৰ পদক অৰ্জন কৰে। তেওঁ স্লেটছত ১১৮ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৪৬ কিলোগ্রাম ওজন উত্তোলন কৰি সামগ্ৰিকভাৱে ২৬৪ কিলোগ্রাম উত্তোলন কৰিবলৈ সমৰ্থ হয়। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈ দুগৰাকীৰ সফলতাত অভিনন্দন জ্ঞাপন কৰিছে। প্ৰতিযোগিতাত অসমৰ পৰা ৫ গৰাকী ভাৰোত্তোলকে অংশ লৈছে আৰু ইয়াৰে চাৰিগৰাকীয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ আগেয়ে ধৰ্মজিৎ দেওঘৰীয়া আৰু ভাৱনা গগৈয়ে সোণৰ পদক অৰ্জন কৰিছিল। আজি অন্তিমগৰাকী ভাৰোত্তোলক হিচাপে জুনিয়ৰৰ ৭৯ কিলোগ্রাম শাখাত বেদব্রত ভড়ালীয়ে প্রতিদ্বন্দ্বিতা কৰিব।