বিগত প্রায় এসপ্তাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কৱলত পৰিছে। কালিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্রাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ৭ দিনত সর্বনিম্ন তাপমাত্রা ১২ ডিগ্রী চেলছিয়াছলৈ হ্রাস পাব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সর্বোচ্চ তাপমাত্রা স্বাভাবিকতকৈ হ্রাস পোৱাৰ বাবে দিনৰ ভাগতো জনসাধাৰণে প্রচণ্ড শীত অনুভৱ কৰিছে। গুৱাহাটীত কালি সর্বোচ্চ তাপমাত্রা ২০ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৪ দশমিক ৭ ডিগ্রী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। একেদৰে ডিব্ৰুগড়ত সর্বোচ্চ তাপমাত্রা ২৫ দশমিক ৪ ডিগ্রী আৰু সর্বনিম্ন ৯ দশমিক ৪ ডিগ্রী চেলছিয়াছলৈ হ্রাস পায়। তেজপুৰত সর্বোচ্চ ১৯ ডিগ্ৰী আৰু সর্বনিম্ন ১৪ ডিগ্ৰী আৰু শিলচৰত সর্বোচ্চ ১৯ ডিগ্রী আৰু সর্বনিম্ন ১২ ডিগ্রী, যোৰহাটত সর্বোচ্চ ১৯ দশমিক ৩ ডিগ্রী আৰু সর্বনিম্ন প্রায় ১০ দশমিক ১ ডিগ্রী ছেলছিয়াছ তাপমাত্রা ৰেকৰ্ড কৰা হয়। পৰৱৰ্তী কেইটামান দিনতো ঘন কুঁৱলী অব্যাহত থকাৰ লগতে শীতৰ প্রকোপ বৃদ্ধি পাব বুলি কোৱা হৈছে।
শীত প্রবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত ২৪ ঘণ্টাত দেশৰ বিমান পৰিবহণ সংস্থাসমূহে ভালেসংখ্যক ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। কেইবাটাও বিমান বন্দৰত ইয়েল্ল এলার্ট জাৰি কৰা হৈছে।
ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, সমগ্ৰ উত্তৰ ভাৰতত ঘন কুঁৱলীৰ বাবে ভালেসংখ্যক ৰে’ল পলমকৈ চলাচল কৰাবলগীয়া হৈছে। সর্তকতামূলক ব্যবস্থা হিচাপে ৰে’লৰ গতি হ্রাস কৰা হৈছে। উত্তৰ ভাৰতত দ্বাদশ শ্রেণী পর্যন্ত বিদ্যালয়সমূহত পাঠদান শীতৰ বাবে বন্ধ ৰখা হৈছে।
ৰাজ্যৰ বিভিন্ন স্থানত শীতপ্রবাহে জনজীৱন একপ্ৰকাৰ স্থবিৰ কৰি তুলিছে। মৰিগাওঁ জিলাতো শীতপ্রবাহে প্রাত্যহিক জনজীবন স্থবিৰ কৰি তুলিছে ইয়াৰ পৰিপ্ৰেক্ষিতত মৰিগাওঁ জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় জিলা প্রশাসনে আজি বন্ধ ঘোষণা কৰিছে।
নলবাৰী জিলাৰ বিদ্যালয়সমূহ ৫ দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।
ৰাজ্যত অব্যাহত থকা প্রচণ্ড শীতৰ বাবে শিক্ষার্থীসকলৰ সুবিধা হোৱাকৈ বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তন কৰাৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাই কালি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসলৈ এখন আবেদন পত্র প্ৰদান কৰে। শিক্ষক সংস্থাৰ বজালী জিলা সমিতিৰ হৈ সমিতিৰ সভাপতি কনক চন্দ্ৰ দাস আৰু সম্পাদক চাণক্য দাসে আবেদনখনত অতিপাত শীতৰ বাবে যোৱা কিছুদিন ধৰি শিক্ষাৰ্থীৰ উপস্থিতি হ্রাস হোৱা আৰু উপস্থিত থকা শিক্ষার্থীসকলকো শ্রেণীকোঠাত ৰাখিব পৰা অনুকূল পৰিবেশ নোহোৱাৰ কথা উল্লেখ কৰে।
ডিব্ৰুগড় জিলাতো শিক্ষানুষ্ঠানসমূহত শীতকালীন বন্ধ ঘোষণাৰ বাবে কেইবাটাও সংগঠনে দাবী জনাইছে। ৰাজ্যৰ কেইবাখনো জিলাত পাঠদানৰ সময় সাল সলনি কৰা হৈছে।