ৰাজ্যত আজি পুনৰ দুখন সমজিলা সংযোজনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ’ব। এই উপলক্ষে শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়াৰ ডিগবৈত হ’বলগীয়া ডিগবৈ সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে শোণিতপুৰৰ ৰঙাপৰাত হ’বলগীয়া ৰঙাপৰা সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। ইয়াৰ লগে লগে ৰাজ্যত মুঠ সমজিলাৰ সংখ্যা ৪৯ লৈ বৃদ্ধি পাব। বিগত বৰ্ষৰ অক্টোবৰত প্ৰথম পৰ্যায়ত ৩৯ খন সমজিলা সংযোজন কৰা হৈছিল। প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ হিচাপে গঠন কৰা সমজিলাসমূহে ভূমি, ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণ প্রশাসনিক ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান ব্যৱস্থা নিশ্চিত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ সফল ৰূপায়ণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত জনসাধাৰণক প্ৰয়োজনীয় সুবিধা লাভ কৰাত সহায় কৰিব।
উল্লেখযোগ্য যে কালি ৰাজ্যত ৮ খন নতুন সমজিলাৰ সংযোজন হয়। কামৰূপ জিলাৰ বকো-ছয়গাঁও আৰু পলাশবাৰী সমজিলা, শোণিতপুৰৰ বৰছলা, যোৰহাটৰ মৰিয়নি আৰু টীয়ক, তিনিচুকীয়াৰ মাকুম, কাছাৰৰ ধলাই আৰু গোৱালপাৰা জিলাৰ দুধনৈ সমজিলাৰ কালি আনুষ্ঠানিকভাৱে সংযোজন ঘটোৱা হৈছিল।