ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 3, 2025 12:49 PM | ISRO CMS-03

printer

CMS-03 মহাকাশলৈ সফলতাৰে উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জ্ঞাপন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰোক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে ভাৰতীয় মহাকাশ খণ্ড বর্তমান উৎকর্ষ আৰু উদ্ভাৱনৰ সমার্থক হৈ পৰিছে। দেশৰ মহাকাশ বিজ্ঞানীসকলৰ এই সফলতাই দেশৰ উন্নতি আৰু সৱলীকৰণত সহায় কৰিব।

আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰোই কালি সন্ধিয়া ৫ বাজি ২৬ মিনিটত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাবন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাটোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰে। CMS-03 একাধিক বেণ্ডযুক্ত সামৰিক যোগাযোগ উপগ্রহ। ভাৰতৰ আটাইতকৈ শক্তিসম্পন্ন কার্যক্ষম পঞ্চমটো ৰকেটৰ সহায়ত এই উপগ্রহটো উৎক্ষেপণ কৰা হয়। এই উপগ্ৰহটোৰ GSAT-7R নামেৰেও জনাজাত। এই উপগ্রহটো LVM3 নামৰ ৰকেটেৰে উৎক্ষেপণ কৰা হয়। ইছৰোয়ে প্ৰকাশ কৰা মতে এই উপগ্ৰহটোৱে ভাৰতীয় ভূ-ভাগসহ মহাসাগৰীয় অঞ্চলত সেৱা আগবঢ়াব। ৪ হাজাৰ ৪১০ কিলোগ্রাম ওজনৰ এই কৃত্রিম উপগ্ৰহটো ইছৰোৰ বিজ্ঞানীসকলে দেশীয়ভাবে প্ৰস্তুত কৰা ৰকেটৰ জৰিয়তে মহাকাশলৈ উৎক্ষেপণ কৰা হয়।