ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মেধা সম্পন্ন শিক্ষার্থীসকলক উৎসাহ যোগাই উন্নত সুযোগ-সুবিধা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাজ্যৰ নৱ প্রতিভা তথা মেধা সম্পন্ন শিক্ষার্থীসকলক উৎসাহ যোগাই উন্নত সুযোগ-সুবিধা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। চৰকাৰৰ ধ্বজাবাহী আঁচনি মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধানৰ অধীনত বিজ্ঞানৰ দিশত উৎসাহী নৱপ্ৰজন্মক উদগণি যোগোৱাৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ অংশ হিচাপে ৰাজ্যৰ ৫ গৰাকী প্ৰতিভাৱান শিক্ষার্থীক বিশ্ব প্রসিদ্ধ কেম্ব্রিজ বিশ্ববিদ্যালয়লৈ চৰকাৰৰ পৃষ্ঠপোষকতাত শৈক্ষিক ভ্ৰমণৰ বাবে প্ৰেৰণ কৰা হৈছে। শিক্ষাৰ্থীকেইগৰাকী হৈছে ক্ৰমে দৰং জিলাৰ জাহ্নবী প্ৰিয়া নাথ, ডিব্ৰুগড়ৰ কংকন বৰা, মাজুলীৰ লক্ষ্য কলিতা, নগাঁৱৰ মঞ্জয় নন্দি আৰু গোলাঘাটৰ নিকিতা নেওগ।