January 9, 2026 1:44 PM | cm__ADRE

printer

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীর্ণ ৪,৩৭৪ গৰাকী চতুৰ্থবৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীর্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত আছে। অনুষ্ঠানত ভাষণ দি শ্রী মণিৱন্ননে নিযুক্তি লাভ কৰা প্রার্থীসকলক শুভেচ্ছা জনায়। এ ডি আৰ ইত উত্তীৰ্ণ ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক কাইলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। একেদৰে ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এ ডি আৰ ইত উত্তীৰ্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। এই নিযুক্তি সম্পন্ন হ’লে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ৫৬ হাজাৰ ৬৭৭লৈ বৃদ্ধি পাব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।