September 20, 2025 9:27 PM | cm zubeen

printer

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ বিশদ অনুসন্ধানৰ বাবে তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৰঙৰ সৈতে কথা পাতিছে। উচ্চায়ুক্তগৰাকীয়ে এইক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে বুলি তেওঁ প্ৰকাশ কৰে। মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই আজি শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সকলো দিশ তদাৰক কৰি আজি নিশা ৯ বজাৰ পাছত কোনো অনুৰাগীক জুবিনৰ বাসগৃহলৈ নাযাবলৈ আহ্বান জনাইছে।

আজি গুৱাহাটীলৈ অনাৰ পাছত শিল্পীগৰাকীৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহলৈ নিয়া হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটোৱাৰ পাছত সৰুসজাইত শিল্পীগৰাকীক অনুৰাগীৰ দৰ্শনৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।