December 12, 2025 8:10 PM | cm zubeen chargesheet

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছ আই টিৰ অভিযোগনামা দাখিল

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে আজি গোচৰটো সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। এছ আই টিৰ দলে আজি দিনৰ ১১ বজাত কেইবাহাজাৰ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। অভিযোগনামাত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ অন্যতম আয়োজক শ্যামকানু মহন্ত, সংগীত শিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰাৰ অধীনত হত্যাৰ অভিযোগৰ অভিযোগনামা দাখিল কৰা হৈছে। জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা ছিংগাপুৰ যাত্ৰাৰ সংগী, অসম আৰক্ষীৰ নিলম্বিত বিষয়া সন্দীপন গাৰ্গৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰাৰ অধীনত অনিচ্ছাকৃত হত্যাৰ অভিযোগৰ অভিযোগনামা দাখিল কৰিছে। তদুপৰি জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে বিশ্বাস ভংগৰ অভিযোগত অভিযোগনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ২৫ ছেপ্তেম্বৰত গঠিত এছ আই টিয়ে এই সময়ছোৱাত প্ৰায় ৩০০ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল।

অভিযোগনামা সন্দৰ্ভত এছ আই টিৰ মুৰব্বী আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাই এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে।

নিৰ্ধাৰিত সময়ৰ ভিতৰত এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিল সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে এতিয়া আদালতে গোচৰৰ শুনানি গ্রহণ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব ।