মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আৰু সেয়েহে জনসাধাৰণক ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিবলৈ তেওঁ আহ্বান জনায়। নতুন দিল্লীত ছিংগাপুৰৰ উপ-উচ্চায়ুক্ত এলিছ চেঙৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনা কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বাক্সাত সৃষ্টি হোৱা পৰিস্থিতি অতি দুখজনক বুলিও কয়। জনতাৰ শিল্পী জুবিন গাৰ্গক লৈ জনসাধাৰণৰ আৱেগক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ নকৰিবলৈ তেওঁ সকলো দলৰ প্ৰতি আহ্বান জনাইছে।
ছিংগাপুৰৰ উপ-উচ্চায়ুক্তগৰাকীয়ে দেশখনত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰাৰ লগতে অসমবাসী ৰাইজক তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱালৈ ধৈর্য ধৰিবলৈ আহ্বান জনায়। তেওঁ লগতে জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।
কালি বিয়লি বাক্সাৰ নিকাছিত হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত নিশা পর্যন্ত উত্তেজনা অব্যাহত থাকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ জিলাখনত কালি আবেলিৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে। সন্ধিয়াৰ পৰা জিলাখনত মোবাইল ইণ্টাৰনেট সেৱাও কৰ্তন কৰা হৈছে। পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকাত ইতিমধ্যে ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষীৰ সকলো ছুটী বাতিল কৰিছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে ৰাজ্যৰ সাম্প্ৰতিক আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি এই নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশনা অনুসৰি ইতিপূৰ্বে অনুমোদন জনোৱা নৈমিত্তিক ছুটী, ষ্টেচন লিভ আদিও বাতিল কৰা হৈছে। অৱশ্যে স্বাস্থ্য সম্পৰ্কীয় জৰুৰীকালীন বিষয়ৰ ছুটীত অনুমোদন দিয়া হৈছে।
উল্লেখযোগ্য যে কালি দুপৰীয়াৰ ভাগত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তকেইজনক গুৱাহাটীৰ পৰা নিকাছিৰ কাৰাগাৰলৈ লৈ গৈ থকা অৱস্থাত কাৰাগাৰৰ প্ৰৱেশদ্বাৰৰ সমীপত আৰক্ষীৰ বাহনক লক্ষ্য কৰি স্থানীয় একাংশ লোকে আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ বাহনতো আক্ৰমণ কৰাৰ ফলত হঠাৎ পৰিস্থিতি জটিল হৈ পৰে। উত্তেজিত লোকসকলে আৰক্ষীৰ গাড়ীলৈ শিল দলিওৱাৰ উপৰি আৰক্ষী আৰু সংবাদ মাধ্যমৰ কেইবাখনো বাহনত অগ্নিসংযোগ কৰে। আটাইকেইজন অভিযুক্তক কাৰাগাৰৰ বাহিৰলৈ উলিয়াই দিয়াৰ দাবী জনাই ভালেসংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্রথমে কন্দুৱা গেছ প্রয়োগ কৰে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত দীপক মেধি নামৰ এজন যুৱকক নিশা গুৱাহাটীৰ এইমছত ভৰ্তি কৰোৱা হয়। যুৱকজনৰ নিশা এটা অস্ত্ৰোপচাৰো কৰা হয়। অৱশ্যে আজি পুৱাৰ ভাগত ঘটনাস্থলীৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে।