ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্ৰেই কৰ্তন কৰাৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে আৰু এয়া অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। ভোটাৰ তালিকাৰ খচৰাক লৈ বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, যে সকলো ৰাজনৈতিক দলৰে সন্দেহজনক লোক দেখা মাত্রেই নাম কৰ্তন কৰাৰ বাবে উপযুক্ত পদ্ধতিৰে আবেদন জনোৱাৰ দায়বদ্ধতা আছে। অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰথমৰে পৰাই কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে বুথ পৰ্যায়ৰ বিষয়াসকলক সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে ৬, ৭ আৰু ৮ নম্বৰ নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নাম সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিছে। দখলীকৃত ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰভাৱে উচ্ছেদ অভিযান চলাই যাব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদিত লোকসকল যদি কোনো এটা স্থানলৈ গৈ নতুনকৈ বসতি কৰিবলৈ লয় নাইবা ভাৰাতীয়া হিচাপে থাকে তেতিয়া তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হ’ব পাৰে । ভোটাৰ তালিকাৰ পৰা নাম কর্তন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কালি শিৱসাগৰত এখন সংবাদমেলত বিজেপিয়ে ৰাজ্যৰ বাহিৰৰ পৰা ভোটাৰ আনি অসমৰ প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰিছে বুলি অভিযোগ কৰে। তেওঁ লগতে এই সন্দৰ্ভত নির্বাচন আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু নকৰাকলৈও প্ৰশ্ন উত্থাপন কৰে।
Site Admin | January 9, 2026 12:19 PM | cm voter list
ভোটাৰ তালিকাৰ খচৰাৰ পৰা সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ নির্দেশ