মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ভোটদান

মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ ভোটদান কৰে। মন্ত্ৰী পীযূষ হাজৰিকাই মৰিগাঁও জিলাৰ আঁহতগুৰিৰ মৰাকলং এল পি স্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰে। নগাঁও জিলাৰ বেঙেনাআটি প্রাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত যোৱা ২ মে’ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৪ খন জিলাত ৭০ দশমিক ১-৯ শতাংশ ভোটদান সম্পন্ন হৈছিল। অহা ১১ মে’ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।