মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটী কেন্দ্রীয় মে-ডাম-মে-ফি উদযাপন সমিতি আৰু টাই-আহোম সাংস্কৃতিক সমাজৰ সাক্ষাৎ

বৃহত্তৰ গুৱাহাটী কেন্দ্রীয় মে-ডাম-মে-ফি উদযাপন সমিতিৰ সভাপতি আৰু টাই-আহোম সাংস্কৃতিক সমাজৰ সভাপতিৰ নেতৃত্বত এটা প্রতিনিধি দলে কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। আহোম সাম্ৰাজ্যৰ ইতিহাস প্রসিদ্ধ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ পৰিপ্ৰেক্ষিতত দলটোৱে মুখ্যমন্ত্ৰীক এখন সম্বর্ধনা পত্র প্রদান কৰে। প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, চৰাইদেউ মৈদামৰ দৰে প্ৰতিটো যুগমীয়া সম্পদৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো হৈছে ৰাজ্য চৰকাৰৰ প্ৰাথমিক দায়িত্ব। পৰৱৰ্তী সময়তো ৰাইজৰ সহযোগিতাত এনে বহু কামেৰে অসমক এখন বৈভৱশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি শ্ৰী শৰ্মাই মন্তব্য কৰে।