পাঁচদিনীয়া বি টি চি ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আজি ওদালগুৰিত উপস্থিত হয়। ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বিভিন্ন কল্যাণকামী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাৰ উপৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, বিধায়ক গোবিন্দ বসুমতাৰী, চৰণ বড়ো আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্রী ডাঃ শৰ্মাই বৈঠকত আঁচনিসমূহৰ সুফল বি টি আৰৰ সৰ্বস্তৰৰ যোগ্য হিতাধিকাৰীসকলে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক আহ্বান জনায়।
বৈঠকৰ পূৰ্বে এখন সংবাদমেলত ড° শৰ্মাই অৰুণোদয় আঁচনিত জিলাখনৰ কেইবা হাজাৰ পৰিয়ালক নতুনকৈ সামৰি লোৱা হ’ব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্ম-সহায়ক গোটৰ ১ লাখ ৭ হাজাৰ গৰাকী মহিলা আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত প্ৰায় দুহেজাৰ গৰাকী যুৱক- যুৱতীক পাঁচ হাজাৰকৈ টকাৰ অনুদান আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। একেদৰে এটি কলি দুটি পাত আঁচনিৰ অধীনতো চাহ শ্রমিকসকলক পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব।
জিলাখনৰ পাঁচ হাজাৰটা পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই সংবাদমেলত সদৰি কৰে। ছেপ্তেম্বৰত বি টি চি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ দুৰ্গাপূজাৰ পূৰ্বে ফলাফল ঘোষণা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ভূটানৰ পৰা ওদালগুৰি, তামুলপুৰ আৰু বাক্সা জিলালৈ পাইপলাইনযোগে খোৱাপানীৰ ব্যৱস্থা কৰা হ’ব বুলিও ড° শৰ্মাই অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কাইলৈ তামুলপুৰ, ৫ জুলাইত বাক্সা, ৬ জুলাইত চিৰাং আৰু ৭ জুলাইত কোকৰাঝাৰ ভ্ৰমণ কৰিব। ৫ জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ কৰ্মকৰ্তাৰ সৈতে বিটিচি নির্বাচন সম্পৰ্কত তেওঁ মত বিনিময় কৰিব। বাক্সা জিলা প্রশাসনে এই কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে।