January 6, 2026 12:51 PM | Cm today

printer

ৰাজ্যৰ প্ৰতিগৰাকী মহিলাকে আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে বিজেপি চৰকাৰৰ লক্ষ্য বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বোকাখাতত উপস্থিত হৈছে। বোকাখাতৰ জেনেৰেল ষ্টেডিয়ামত আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্রসংগত কয়, যে গ্রাম্য অর্থনীতি শক্তিশালী কৰাই ৰাজ্য চৰকাৰ মূল লক্ষ্য। লগতে মহিলাসকলকো অর্থনৈতিকভাবে স্বাৱলম্বী কৰিবলৈ চৰকাৰে সংকল্প গ্রহণ কৰিছে। এই উদ্দেশ্যে ৰাজ্যৰ ৫৫ টা সমষ্টিত আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰা হৈছে। মুখ্যমন্ত্রীয়ে আজি লোকনিৰ্মাণৰ পথ বিভাগৰ অধীনত মুঠ ৬ হাজাৰ ৯০৪ লাখ টকা ব্যয়ৰে ১৬টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্রীয়ে লোকনির্মাণৰ গৃহ নির্মাণ বিভাগৰ অধীনত ৬ কোটি ৪৮ লাখ টকা ব্যয়ৰ আন এটা প্রকল্প, জলসিঞ্চন বিভাগৰ অধীনত ২ কোটি ৪ লাখ টকা ব্যয়ৰ আন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। আনহাতে, লোকনিৰ্মাণৰ পথ বিভাগৰ অধীনত ৫ হাজাৰ ৬৪৬ লাখ টকা ব্যয়বে নির্মিত মুঠ ১৩টা প্রকল্প আৰু লোকনিৰ্মাণৰ গৃহ নিৰ্মাণ বিভাগৰ অধীনত ৬ কোটি ৮ লাখ টকা ব্যয়ৰে নির্মিত তিনিটা প্রকল্প আজি মুখ্যমন্ত্রীয়ে উদ্বোধন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত ৮৪ লাখ টকাৰে নির্মিত ৪টা প্রকল্প, জলসিঞ্চন বিভাগৰ অধীনত ৮৬ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা এটা প্রকল্প আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত ৩৪ লাখ টকা ব্যয়ৰে নিৰ্মিত আন প্রকল্পৰো আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব। তদুপৰি বোকাখাত বিধানসভা সমষ্টিৰ অধীনৰ আত্মসহায়ক গোটৰ ২৭ হাজাৰ ১৬৬ গৰাকী মহিলাৰ মাজত তেওঁ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰিব। অনুষ্ঠানত মন্ত্রী অতুল বৰা, অজন্তা নেওগ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা উপস্থিত আছে।