ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 21, 2025 6:27 PM | CM

printer

বাক্সাৰ নিকাচিত আৰু চিৰাঙৰ কাজলগাঁৱত জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাচিত জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰ মুকলি কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয়, যে বাক্সা জিলাৰ উন্নয়নৰ বাবে অসম মালা দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত বৰ্মাৰ পৰা তামুলপুৰ আৰু নিকাচিলৈ পথ নিৰ্মাণ কৰি থকা হৈছে। কুৱাৰা চ’কৰ পৰা অঞ্চলীলৈ এটা নতুন পকীপথকে ধৰি মুঠ দুটা পকীপথ নিৰ্মাণৰ আঁচনি লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, জয়ন্ত মল্লবৰুৱা, উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক ভূপেন বড়োকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে চিৰাং জিলাৰ কাজলগাঁৱত অত্যাধুনিক সা-সুবিধাযুক্ত জিলা কাৰাগাৰ মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় আৰু আর্থসামাজিক সজাগতা সন্দৰ্ভত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। নৱনিৰ্মিত জিলা কাৰাগাৰখনত মুঠ ৬৩৬ গৰাকী আচামী আৰু কয়দী ৰখাৰ ব্যৱস্থা আছে। কাৰাগাৰখনৰ ভিতৰত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে চিকিৎসালয়, বিদ্যালয় আৰু গ্ৰন্থাগাৰো আছে।