ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দ্রুত গতিত নিষ্পত্তিৰ দিশে আগবাঢ়িছে আৰু ২৫ নৱেম্বৰত অসম চৰকাৰে গঠন কৰা মন্ত্রীগোটে এই সন্দর্ভত চূড়ান্ত প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে জনজাতিকৰণৰ বিষয়টো কাৰ্যকৰী কৰাৰ পথ প্রশস্ত হ‘ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি তিনিচুকীয়াত প্রকাশ কৰে। মুখ্যমন্ত্রীয়ে কয় যে সম্প্রতি জনজাতি হিচাপে মর্যাদা লাভ কৰি থকা বড়ো, ৰাভা, মিচিং, সোণোৱাল-কছাৰী আদি লোকসকলৰ মৰ্যাদা লাঘৱ নোহোৱাকৈ বাকী জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে সকলো দিশ চালি-জাৰি চোৱা হৈছে।
উজনি অসমৰ তিনিখন জিলাত চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি তিনিচুকীয়াত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে জিলাখনত এটা সুসজ্জিত আৱৰ্ত ভৱন উদ্বোধন কৰে। জিলাখনৰ গেলাপুখুৰী বাইপাছৰ সন্মিলন কক্ষৰ চৌহদত নিৰ্মাণ কৰা এই আবর্ত ভৱনটোৱে ৰাইজক উপকৃত কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত মন্ত্রী বিমল বৰা, ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও বিধায়ক, মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ পাৰিষদবর্গ আৰু কেইবাগৰাকীও দলীয় নেতা উপস্থিত আছিল। তেওঁ আজি সন্ধিয়া জিলাখনত দলীয় নেতা-কর্মীৰ সৈতে মত-বিনিময় কৰিব। মুখ্যমন্ত্রীয়ে এই ভ্রমণ কালত ডিব্ৰুগড় আৰু ধেমাজি জিলাত কেইবাটাও উন্নয়নমূলক কার্যসূচীত অংশ ল‘ব।