চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি উজনি অসমত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ১৪ হাজাৰ ৩০৬ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ৮ লাখ মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ স্বীকৃতি লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে মহিলা আত্ম-সহায়ক গোটৰ ৪০ লাখ সদস্যৰ সকলোকে লাখপতি বাইদেউ ৰূপে গঢ়ি তোলাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ৩ বছৰৰ পৰিকল্পনা গ্রহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে।
Site Admin | October 8, 2025 1:02 PM | CM tinisukia mmmua
তিনিচুকীয়াত ১৪,৩০৬ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ