মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি, হিতাধিকাৰীৰ সংখ্যা আৰু তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰভাবৰ পৰ্যালোচনা কৰে। যুৱ প্ৰজন্ম আৰু মহিলাসকলক আর্থিক সাহায্য প্রদানেৰে আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে এই আঁচনিসমূহৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই স্বচ্ছ আৰু নিকা পদ্ধতিৰে আঁচনিসমূহৰ সঠিক ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। এই পর্যালোচনা বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত মহিলা সৱলীকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ সফলতা সন্দৰ্ভত আলোকপাত কৰে। ড° শৰ্মাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ কথা উল্লেখ কৰি তামুলপুৰ জিলাৰ হিতাধিকাৰীয়ে মুদ্ৰা ঋণৰ বাবে যোগ্যতা অৰ্জন কৰিছে বুলি প্ৰকাশ কৰে।
Site Admin | July 4, 2025 6:33 PM | CM tamulpur
তামুলপুৰত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা বৈঠক