ৰাজ্যত ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাই ৪ লাখ ৯৯ হাজাৰ মেট্রিক টন হৈছে আৰু ৰাজ্যখনৰ সম্প্ৰতি দেশৰ চতুৰ্থ সর্ববৃহৎ মৎস্য উৎপাদনকাৰী হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ বগীবাৰীত আগশাৰী স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীৰ সহযোগিতাত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান বা একুৱাটেক পার্ক মুকলি কৰি এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে অসমে সকলো ক্ষেত্ৰত দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সমৰ্থ হ‘ব। ড° শৰ্মাই কয় যে একুৱাটেক পার্কখনে ৰাজ্যত পাছৰ উৎপাদন বৃদ্ধিত অৰিহনা যোগাব আৰু যুৱক-যুৱতীসকলৰ বাবে আয়ৰ অপাৰ সুযোগ প্ৰদান কৰিব। উদ্যানখন মীন পালন খণ্ডৰ বিকাশৰ আৰ্হিৰূপে পৰিগণিত হ‘ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনে প্রধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ দৰে আঁচনিৰ জৰিয়তে ৰাজ্যত মীন পালন খণ্ডৰ বিকাশৰ বাবে ভালেমান পদক্ষেপ লৈছে। তেওঁ লগতে কয় যে চৰকাৰে ৰাজ্যৰ মীন পালন খণ্ডক পুনৰুজ্জীৱিত কৰি তোলাই নহয়, বৰং ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো ফেৰ মাৰিব পৰা কৰি তুলিছে। আজি মুকলি কৰা উদ্যানখনৰ জৰিয়তে একুৱাপনিক্স, বায়‘ফ্লক, মাছৰ আধুনিক খাদ্য উৎপাদন, আলংকাৰিক মাছৰ প্ৰজনন আদিৰ দৰে প্ৰযুক্তিসমূহৰ ব্যৱহাৰ প্ৰদৰ্শিত হ‘ব।
Site Admin | July 12, 2025 6:14 PM | CM | sonapur
সোণাপুৰত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান মুকলি
