মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৩ দিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ শেষৰ দিনা আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীসকলৰ বাবে ২০খন বিছনাযুক্ত এটা নতুন আই চি ইউ প্রকল্প মুকলি কৰে। চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন আই চি ইউ প্ৰকল্পটো মুকলি কৰাৰ লগতে মহাবিদ্যালয়খনত নিৰ্মাণ হৈ থকা ৫৩৫ খন বিছনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। নতুনকৈ নিৰ্মাণ কৰা এই ভৱনটো অহা বছৰ নৱেম্বৰ মাহত সম্পূৰ্ণ হ’ব বুলি আশা প্রকাশ কৰা হৈছে। এই ভৱনটোৰ নিৰ্মাণ সম্পূর্ণ হলে মহাবিদ্যালয়খনৰ বিছনাৰ সংখ্যা বৰ্তমানৰ ১৩৫০ খনৰ পৰা ১৮৮৫ খনলৈ বৃদ্ধি পাব। এই নতুন ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতে পুনৰ এহেজাৰখন বিছনাযুক্ত এখন চিকিৎসালয় নির্মাণ কৰা হ’ব। এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এটা মাষ্টাৰ প্লেন গঠন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কাছাৰ কেঞ্চাৰ হাস্পতাললৈ মেচিন ক্ৰয়ৰ বাবে ১২ কোটি টকা আগবঢ়ায়। ইফালে, হাইলাকান্দি জিলাত এখন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শিলচৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সমাগত দুৰ্গা পূজাৰ আগত যাতায়াত সেৱা উন্নত কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ হাতত লৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অনুসৰি শিলচৰ চহৰৰ ১৩ টা ৰাস্তা পুনৰ নিৰ্মাণৰ বাবে ১৪ কোটি টকা অনুমোদন জনোৱা হৈছে। ইপিনে, শিলচৰ চহৰত এখন দুখলপীয়া উৰণ সেতুৰ লগতে ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ওখ ৰাস্তা নিৰ্মাণ কৰিবৰ বাবে ১২০০ কোটি টকাৰ এটা প্ৰকল্প হাতত লোৱা হৈছে। এই প্ৰকল্পটোৰ কাম দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব। লগতে অঞ্চলটোত কাম চলি থকা জল যোগান আঁচনিসমূহৰ বিষয়েও শ্ৰীশৰ্মাই বুজ লয়। শিৱবাৰীৰ দুবযোৱা অঞ্চলত নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমস্যা সমাধান কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৭০ কোটি টকা অনুমোদন জনায়। প্ৰকল্পটোৰ কাম অহা ১০ দিনৰ ভিতৰত আৰম্ভ হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বৰাক উপত্যকাৰ উন্নয়ন চৰকাৰৰ বাবে প্ৰাধান্যৰ বিষয় আৰু ইয়াৰ বাবে অনাগত দিনত কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ছোৱাত কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক কৌশিক ৰায়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সংগ দিয়ে।
Site Admin | August 24, 2024 9:08 PM | cm smch icu
শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীৰ বাবে ২০খন বিছনাযুক্ত নতুন আই চি ইউ প্রকল্প মুকলি মুখ্যমন্ত্ৰীৰ
